34
ফখৰুল ইছলাম, দৰংঃ আৰ্থিক দৈন্য শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যে কোনো বাধা হ’ব নোৱাৰে তাকেই প্ৰমাণ কৰিলে কৌপাটীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে।
সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত দলগাঁৱৰ পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰপৰা বিজ্ঞান শাখাত এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীয়ে ৮০.৮ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে সমগ্ৰ কৌপাটী অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে।