♦ দলগাঁৱৰ মডেল স্কুলত উন্মোচিত ফোপোলা স্বৰূপৰ প্ৰতিক্ৰিয়াত শিক্ষা মন্ত্রীৰ বিৰুদ্ধে প্ৰতিবাদ

 ♦ দুজন ভাৰাতীয়া শিক্ষকেৰে চলিছে মডেল স্কুলৰ পাঠদান

খাৰুপেটীয়াঃ ৰাজ্যৰ শিক্ষা বিভাগৰ স্বৰূপ উদঙোৱা এক নগ্ন ছবি প্ৰতিফলিত হৈছে দলগাঁৱৰ বটাবাৰী মডেল স্কুলত।

কংগ্ৰেছৰ আমোলত ঢাক ঢোল বজাই স্থাপন কৰা বিদ্যালয়ত নিযুক্তি দিয়া নাই এজনো শিক্ষক। দুজন ভাৰাতীয়া শিক্ষকেৰে পাঠদান কৰা বিদ্যালয়খন পুৱা ৯ বজাত আৰম্ভ হয় যদিও ১০ বজাতেই ছুটি দিয়াৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে।

দুৰ্গন্ধময় শ্ৰেণীকোঠাত পাঠদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অভিভাৱকৰ। নামতহে মডেল স্কুল, কামত বৃহৎ শূন্য বুলি তেওঁলোকৰ অভিযোগ।

এসময়ত নাম ভৰ্ত্তিক লৈ একছত্ৰী ৰাজনীতি চলা বিদ্যালয়খনত প্ৰায় ৮০ জনকৈ শিশুৰ নামভৰ্ত্তি কৰোনাই মূৰে- কপালে হাত দিছে অভিভাৱকসকলে। কণ কণ শিশুৰ ভৱিষ্যতক লৈ শিক্ষা বিভাগে খেলা ল'ৰা ধেমালিৰ বিৰুদ্ধে সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰে বিদ্যালয়ৰ চৌহদ।

শিক্ষা বিভাগ হায় হায়, শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্য মুৰ্দাবাদ ধ্বনিৰে প্ৰায় শতাধিক অভিভাৱকে অতি শীঘ্ৰেই শিক্ষক নিযুক্তিৰ দাবী জনায়। ভাৰাতীয়া শিক্ষকেৰে বিদ্যালয়খনত চলা পাঠদানৰ কাৰ্যই দলগাঁৱত সৰ্বত্ৰে প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।