ফখৰুল ইছলাম, দৰংঃ অসমৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ে ০১-১১-২০১৮ তাৰিখে অনুমোদন জনোৱা (SOP)ৰ কেইবাটাও দফাৰ লগতে উচ্চতম ন্যায়ালয়ৰ কেইবাটাও নিৰ্দেশনা উলংঘা কৰি দাবী-আপত্তি নিষ্পত্তি প্ৰক্ৰিয়া চলাই গৈছে। ফলত সাধাৰণ ৰাইজে নানা সমস্যাৰ সম্মুখীন হোৱা পৰিলক্ষিত হৈছে।
উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা (SOP) কোনো ব্যক্তিয়ে ভুৱা তথা মিছাকৈ হাৰাশাস্তিৰ উদ্দেশ্যে কাৰোবাৰ বিৰুদ্ধে আপত্তি আবেদন দাখিল কৰিলে তেওঁৰ বিৰুদ্ধে নাগৰিকত্ব আইনৰ ধাৰা ১৭ ত উল্লেখ কৰা অনুসৰি ৫ বছৰলৈকে জে’ল আৰু ৫০ হাজাৰ টকা পৰ্যন্ত জৰিমণা বিহাৰ দৰে শাস্তি প্ৰযোজ্য হ’ব।