খাৰুপেটীয়াঃ দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ২ নং কুৱৰী পুখুৰী গাঁৱৰ ওমৰ আলীৰ পুত্ৰ মোজাদিুল ইছলাম নামৰ যুৱক এজনে ছ’চিয়েল মিডিয়া ফেচবুকত ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছ:)ৰ বিৰুদ্ধে কৰা আপত্তিজনক মন্তব্য ভাইৰেল হৈ পৰাত অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে|

ঘটনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা যুৱক মোজাহিদুল ইছলামৰ নামত বৃহস্পতিবাৰে খাৰুপেটীয়া আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছে ইত্তেহাদ ফ্ৰন্ট, অসম নামৰ সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদক নুৰ ইছলামে|

এজাহাৰত উল্লেখ কৰা মতে বিগত কিছুদিন আগতে যুৱকজনে হজৰত মহম্মদৰ বিৰুদ্ধে আপত্তিজনক তথা কটুক্তি কৰিছে ছ’চিয়েল মিডিয়াত|

ঘটনা সন্দৰ্ভত তদন্ত মৰ্মে বিহীত ব্যৱস্থা ল’বলৈ নং 161/19/295IPC/67 IT Act/2000 ধাৰাত এটি গোচৰ ৰুজু কৰিছে ইত্তেহাদ ফ্ৰন্ট, অসম নামৰ সংগঠনটোৱে|

উল্লেখ্য যে যুৱকজনে হজৰত মহম্মদ সন্দৰ্ভত কৰা কটুক্তিৰ বিৰুদ্ধে জাঙুৰ খাই উঠা একাংশ ৰাইজে তেওঁক এনে মন্তব্যৰপৰা বিৰত থাকিবলৈ সকীয়নি দিছিল যদিও তেওঁ সেই সকীয়নিলৈ কেৰেপ নকৰি বৰ্তমানো হজৰত মহম্মদৰ বিৰুদ্ধে কটুক্তি কৰা বন্ধ কৰা নাই বুলি অভিযোগ উঠিছে|

এই যুৱকজনৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা ল’বলৈ সংগঠনটোৰ লগতে আলিম সমাজৰ আৰু ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনাইছে|