newsnextone.com | খাৰুপেটীয়াঃ ৪০০ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিবৰ বাবে সুবিধা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খাৰুপেটীয়া মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।
৪ শতাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিব খোজাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ৰাজপথ অৱৰোধ কৰিব লগা হয়।
নামভৰ্তিৰ সুবিধা প্ৰদান নকৰাত খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বুধবাৰে। ছাত্র-ছাত্ৰীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শীঘ্ৰে সকলো ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব দিয়াৰ দাবী জনায়। দৰং জিলাৰ সংখ্যালঘূ এলেকাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান খাৰুপেটীয়া মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি কেইবাটাও দিন ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে।