newsnextone.com | খাৰুপেটীয়াঃ ৪০০ ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিবৰ বাবে সুবিধা প্ৰদান নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে খাৰুপেটীয়া মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।
৪ শতাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন অন্ধকাৰলৈ ঠেলি দিব খোজাৰ অভিযোগ উত্থাপন কৰি বুধবাৰে ৰাজপথ অৱৰোধ কৰিব লগা হয়।

নামভৰ্তিৰ সুবিধা প্ৰদান নকৰাত খাৰুপেটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বুধবাৰে। ছাত্র-ছাত্ৰীয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শীঘ্ৰে সকলো ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব দিয়াৰ দাবী জনায়। দৰং জিলাৰ সংখ্যালঘূ এলেকাৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান খাৰুপেটীয়া মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি কেইবাটাও দিন ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। 

মহাবিদ্যালয়ত স্নাতক ১ম ষান্মাসিকৰ নাম ভৰ্তি চলি থকাৰ সময়তে প্ৰায় ৪০০ ছাত্র-ছাত্ৰীক নাম ভৰ্তি কৰিব নিদিয়াত ক্ষোভ প্ৰকাশ কৰি আহিছে। ফলত বুধবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিব লগা হয়। 

নাম ভৰ্তিৰ সুবিধা নোপোৱা ছাত্ৰ-ছাত্ৰীসকলে মহাবিদ্যালয় কৰ্তৃপক্ষ, গুৱাহাটী বিশ্ববিদ্যালয় তথা অসম চৰকাৰৰ বিৰুদ্ধে শ্ল'গান দিয়ে। আমাক নাম ভৰ্তি কৰিব দিবই লাগিব, আমাক পঢ়িবলৈ দিয়ক আদি শ্ল'গানেৰে দিনৰ ১-৩০ বজাত ৩০ মিনিট সময় ১৫নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছত ধূলা থানাৰ অ চি, দলগাওঁ ৰাজহ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ অৱৰোধস্থলীত উপস্থিত হৈ খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বুদ্ধিন হাজৰিকাৰ সৈতে আলোচনাত মিলিত হৈ ছাত্র-ছাত্ৰীসকলক নামভৰ্তিৰ কৰিব দিয়াৰ আশ্বাস দিয়াত প্ৰতিবাদ স্থগিত ৰাখে ছাত্ৰ-ছাত্ৰীয়ে।