ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দুমাহ পূৰ্বে ওদালগুৰি জিলাৰ মহনপুৰ গাঁৱৰ এগৰাকী স্কুলীয়া ছাত্ৰী অপহৰণ হৈছিল। বেছিমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত অধ্যয়ণৰত মেধাৱী ছাত্ৰীগৰাকী ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাটাও বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল।
ৰাশিদা বেগম নামৰ ছাত্ৰীগৰাকী যোৱা ৪ মাৰ্চ তাৰিখে স্কুললৈ গৈ থকা অৱস্থাত এটা দুষ্ট চক্ৰই অপহৰণ কৰি নিয়াৰ পাছতে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হয়। ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে দলগাঁও থানাত এজাহাৰ দিবলৈ আহে যদিও ভুক্তভোগীৰ ঘৰ ওদালগুৰি জিলাত হোৱা বাবে এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাত উপায়ন্তৰ হৈ ওদালগুৰি জিলা আদালতত CR No. 26/19 U/S 346/387/363/506/34 IPC ধাৰাত গোচৰ ৰুজু কৰে।