63
খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া নগৰত সোমবাৰে পুৱা এক কৰুণ ঘটনাই জোকাৰি গ’ল সমগ্র খাৰুপেটীয়া অঞ্চল। নগৰখনৰ টিলাপট্টীৰ পাণ দোকানী মানিক প্ৰসাদ সাহাৰ বাসগৃহত পুৱা আঠমান বজাত শৌচালয়ৰ টেংকি চাফা কৰাৰ বাবে দুজন শ্ৰমিকে তললৈ নমাৰ লগে লগে কৰুণভাৱে মৃত্যুক সাৱটি লয়।
শ্ৰমিক দুজন খাৰুপেটীয়াৰ নিকটৱৰ্তী মোৱামাৰী গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ সাহা আলম (৩৫) আৰু নদীৰমুখ গাঁৱৰ নেশ্বাৰ আলী মুঞ্চিৰ পুত্ৰ ছফিকুল ইছলাম ওৰফে হাবৰুল্লাহ (২২) বুলি চিনাক্ত হয়।