61
খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া নগৰৰ ৩ নং ৱাৰ্ডৰ নিমতলীৰ মৰহুম ছামচুল আলমৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ শনিবাৰে নিশা চোৰে কৰিলে হাত চাফাই।
ঘৰৰ চৌহদৰ পিছফালে গেট-দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি শ্ব’কেজ, আলমিৰাৰ ল’কাৰ ভাঙি পেলায়৷ তাৰপাছতে সোণৰ আ-অলংকাৰ, হীৰাৰ এটা আঙুঠি, নগদ টকা, লেপটপ আদি সহ মুঠ তিনি লক্ষ্যাধিক টকা মূল্যৰ সম্পত্তি চোৰে লুটি নিয়ে৷