খেৰণিঃ সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙতো ক্রমান্নয়ে তীব্ৰ গতিত বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা।
নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্যৰে ৰাজনৈতিক দলসমূহে ইটোৰ পাছত সিটো দলে সমানে সমান্তৰালকৈ কাৰ্বি পাহাৰৰ বিভিন্ন স্থানত ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ অভিযান। এফালে যদি ৰাইজৰ মনৰপৰা বিজেপিক প্ৰত্যাখ্যান কৰোৱাৰ বাবে কংগ্ৰেছে কৌশল ৰচিছে, আনফালে আকৌ শাসনাধিষ্ঠ বিজেপিয়ে নিজৰ দলত বিৰোধীৰ নেতাকৰ্মীক যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।