58
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি থানা অন্তৰ্গত খেৰণি পুৰণা বস্তিত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। সামান্য লিচু চুৰি কৰাৰ অপৰাধত ৮ বছৰীয়া কণমানি শিশুক গুৰুলা গুৰুলকৈ প্ৰহাৰ গৃহস্থৰ।
শিশুটিক প্ৰহাৰ কৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। ইয়াৰ পাছতেই ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰিছে কণমানি শিশুটিৰ অভিভাৱকে। সঁচাকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা শিশুটিক প্ৰহাৰ কৰা দৃশ্য দেখিলে আপোনাৰো কপাল কোঁচ খাই উঠিব।