খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই সৃষ্টি হৈছে কাৰ্বি আংলঙৰ কুঁহিয়াৰ কৃষকৰ মাজত হাহাকাৰ। সম্প্ৰতি গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ ঘটনাই চুই গৈছে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক৷ 

ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল-সংগঠনৰ, ব্যক্তিবিশেষৰ ক্ষোভৰ উদগীৰণ ঘটিছিল ৰাজ্যখনত। পৰিপ্ৰেক্ষিতত দিছপুৰে এই সুৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে লালি গুড়ৰপৰা মদ তৈয়াৰ কৰা হয় বুলি বজাৰত গুৰ বিক্ৰীও বন্ধ কৰি দিয়ে।

ফলস্বৰূপে কুঁহিয়াৰ খেতিৰ কৃষকৰ মাজত এক হাহাকাৰ সৃষ্টি হৈছে এতিয়া সমগ্ৰ অসমৰ লগতে কাৰ্বি আংলঙত। জীৱন নিৰ্বাহৰ ক্ষেত্ৰত যেন পানীত হাঁহ নচৰা অৱস্থা হৈছে কুঁহিয়াৰ কৃষকসকলৰ। 

উল্লেখযোগ্য যে কাৰ্বি আংলঙৰ বজাৰত সম্প্ৰতি গুড় বিক্ৰী বন্ধ কৰাৰ বিপৰীতে প্ৰশাসনে গুড় মজুত ৰখা গুদামঘৰ আদিও ছীল কৰি ৰাখিছে। ইফালে পাহাৰীয়া জিলাখনত কৃষক ৰাইজে গুড় তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰিব নোৱাৰাত ঘৰতে নষ্ট হ’বলৈ ধৰিছে বুলিও প্ৰকাশ কৰিছে কৃষক ৰাইজে। 

পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যেৰে পূৰ্বতে ক’লা গুড় তৈয়াৰ কৰাৰ পৰিৱৰ্তে চাফা গুৰ তৈয়াৰ কৰি বজাৰলৈ নিছে যদিও এই গুড় বিক্ৰী কৰাও কঠিন আৰু উচিত দাম নোপোৱা হৈছে কৃষকসকলে। 

আনকি গুড় বিক্ৰী বন্ধক লৈ কৃষকসকলে আলোচনা, প্ৰতিবাদ, অনশন আদি কাৰ্যসূচী ৰূপায়ন কৰিছে যদিও এই পৰ্যন্ত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰিছে কৃষকসকলে।

ইফালে ডিফুত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত কেন্দ্ৰীয় বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱে অংশ লৈ কৃষক ৰাইজক উদ্দেশ্যি এই সমস্যা মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱালৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰে সমাধান কৰিব বুলিও আশ্বাস দিছিল, তাৰো ফল ধৰা নাই এই পৰ্যন্ত। গুড় বিক্ৰী বন্ধৰ প্ৰতিবাদত হোজাই জিলা উপযুক্তৰ কাৰ্যালয়ৰ সন্মুখত অখিল অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মজদূৰ সন্মিলনে যুটীয়াভাৱে অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। 

যোৱা ৪ এপ্ৰিলৰপৰা সমস্যা সমাধান নোহোৱা পৰ্যন্ত অনিৰ্দিষ্টকালীন অনশনৰ কাৰ্যসূচী হাতত লৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰিছে সংগঠনকেইটাই।