newsnextone.com | খেৰণিঃ সোমবাৰে পশ্চিম কাৰ্বি আংলঙৰ জিলাৰ খেৰণি সাংবাদিক সন্থাই খেৰণিস্থিত কৃষি বিভাগৰ কৃষক প্ৰশিক্ষণ কেন্দ্ৰত চতুৰ্থ বৰ্ষপূৰ্তি পালন কৰে। পুৱা ৯ বজাত সন্থাৰ সভাপতি বীৰেন ইংহিয়ে পতাকা উত্তোলন কৰে৷ প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা সমাজ সেৱক ৰেনছিং বেয়ে শ্বহীদ বেদীত বন্তি প্ৰজ্জ্বলন কৰে।
খেৰণি সাংবাদিক সন্থাৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসত আমন্ত্ৰিত অতিথিৰ দ্বাৰা খেৰণিস্থিত কৃষি প্ৰশিক্ষণ শিবিৰৰ চৌহদত থুজা গছ, নিম গছ আৰু বকুল গছৰ সৰ্ব মুঠ ১৫০ জোপা বৃক্ষ ৰোপণ কৰা হয়। দিনৰ ১২ বজাৰ পৰা খেৰণি সাংবাদিক সন্থাৰ সভাপতি বীৰেন ইংহিৰ পৰিচালনাত ‘বৰ্তমান সময়ত সমাজ ব্যৱস্থা আৰু ইয়াৰ প্ৰক্ৰিয়াত সমগ্ৰ অসমত চলি থকা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়।