খেৰণিঃ উজনি অসমৰ গোলাঘাটৰ সুৰা ট্ৰেজেদীৰ পাছতেই ডিমা হাছাও, হোজাই জিলা আৰু কাৰ্বি আংলঙৰ কুঁহিয়াৰ খেতিৰ কৃষকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

ইফালে উজনি অসমত বিষাক্ত সুৰাক লৈ চৰম আতংক সৃষ্টি হোৱাৰ একে সময়তে ৰাজ্যত কুঁহিয়াৰ খেতিৰ খেতিয়কৰ মাজত দুমাহ ধৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। সেৱন কৰা বিষাক্ত সুৰা লালিগুড়ৰপৰা তৈয়াৰ কৰা বুলি সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগি গুড় ব্যৱসায় বন্ধ হৈ যোৱাত পানীত হাঁহ নচৰা অৱস্থা হৈছে কুঁহিয়াৰ খেতিৰ কৃষকৰ।

বিশেষকৈ কাৰ্বি আংলং, ডিমা হাছাও, হোজাই আৰু নগাঁৱ আদি জিলাত হাজাৰ হাজাৰ গুড় কৃষকে উৎপাদিত গুড় বিক্ৰী কৰিব নোৱাৰাত ব্যাপক আৰ্থিক সংকটৰ সন্মুখীন হৈছে কৃষকসকলে। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া কুঁহিয়াৰ খেতিয়কে ৰাজপথত ওলাই প্ৰতিবাদ সাব্যস্ত কৰিব লগাত পৰিছে।

কেইবা শতাধিক কুঁহিয়াৰ খেতিয়কে এক বিশাল সমদল উলিয়াই সোমবাৰে খেৰণি চাৰি আলিৰপৰা খেৰণি তিনিআলি লৈকে প্ৰায় চাৰি কিল’মিটাৰ পথ অতিক্ৰম কৰি গুড় বিক্ৰী বন্ধক লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

পশ্চিম কাৰ্বি আলং জিলাৰ কুঁহিয়াৰ খেতিয়ক সংস্থাৰ উদ্যোগত বাহিৰ কৰা সমদলত জয় জোৱান, জয় কিষাণ, গুড় বিক্ৰী বন্ধ বাতিল কৰক, কিষাণক আত্মহত্যাৰপৰা ৰক্ষা কৰক আদি শ্ল’গান দি বৃহত্তৰ খেৰনি অঞ্চলত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

সমদলকাৰী দলটোৱে অৱশেষত গুড় বিক্ৰীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই জিলা উপায়ুক্ত লৈ বুলি খেৰণি থানাত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।