কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত তথা হাৰলং-চেৱাতৰ ইন্দ্ৰছিং-ফাংহংথৰ সংযোগী চলিত পথ নিৰ্মাণ কাৰ্যৰ শুকুৰবাৰে আকস্মিকভাৱে পৰিদৰ্শন কৰে পৰিষদীয় সমষ্টিটোৰ জনপ্ৰতিনিধি মংগলছিং তিমুঙে।
এক বৃহৎ সজাতি দলেৰে জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুং স্বয়ং নিৰ্মাণস্থলিত উপস্থিত হৈ অঞ্চলবাসী আৰু দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি কয় যে “বাট-পথৰ উন্নয়নেহে পাহাৰীয়া ৰাইজৰ সৰ্বদিশৰ উন্নয়ন সাধন কৰিব”।