Home ৰাজ্যকাৰ্বি পাহাৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

কাৰ্বি পাহাৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

by News Desk
79 views
A+A-
Reset

খেৰণিঃ এফালে অসমৰ ৪২ টাকৈ জাতীয় সংগঠনৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিল কৰাৰ দাবীত ২৩ অক্টোবৰৰ দিনটোত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান আনফালে আকৌ চৰকাৰী পক্ষ আৰু প্ৰশাসনে এই বন্ধ প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰী নিৰ্দেশ দিছে কাৰ্যালয়ে কাৰ্যালয়ে। যাৰ পৰিপ্ৰেক্ষিতত এনে অৰিয়া অৰি কাৰ্যই আজি পুৱাৰ ভাগলৈকে বিপাঙত পেলাইছিল সৰ্বসাধাৰণক ৰাইজক। অৱশ্যে শেহতীয়াকৈ সমগ্র ৰাজ্যতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ৰ বাতিলৰ দাবীত ৪২ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্রতি পূৰ্ণ সহাৰি জনায় অসমৰ জনতাই। উল্লেখযোগ্য যে আগন্তুক ১৭ নৱেম্বৰত গুৱাহাটীত ৰাজ্যৰ বঙালী সংগঠনসমূহ একত্রিত হৈ সমাৱেশ আয়োজন কৰাৰ প্রতিবাদত অসমৰ ৪২ টা জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ যি কাৰ্যসূচী সেয়া সফল কৰি তোলাৰ উদ্দেশ্যেৰে পূৱাৰেপৰা ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, মাইলু, জেংখা, জেৰিকীন্দেঙ, ডংকামোকাম আদি গুৰুত্বপূৰ্ণ আৰু ব্যস্ততাপূৰ্ণ অঞ্চলসমূহতো অৱস্থিত হৈ থকা সকলো দোকান-পোহাৰ, যান বাহনৰ চলাচল, চৰকাৰী কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয়, বেংক, ব্যক্তিগত প্ৰতিষ্ঠান আদি বন্ধ হৈ থকাৰ দৃশ্য পৰিলক্ষিত হয়। অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱাৰ খবৰ লাভ কৰা হোৱা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0