কনক দেউৰী, খেৰণিঃ প্ৰথম বাৰৰ বাবে ডিফুৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ'ল কাৰ্বি স্বায়িত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হ’ল পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত। 

উল্লেখযোগ্য যে, কাৰ্বি পৰিষদৰ উপাধক্ষ্য ৰিতেছ ইংহিয়ে কৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰাৰ সমান্তৰালকৈ জিলাখনৰ পুৰোধা ব্যক্তি ছেমছন ছিং ইংতি, খৰছিং তেৰাঙৰ প্ৰতিমুৰ্তিত মাল্যৰ্পনৰ লগতে বন্তিপ্ৰজ্বলন কৰে৷ উদযাপিত ৬৮ সংখ্যক কাৰ্বি স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি আসন অলংকৃত কৰে ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ক্ৰমে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙ, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুয হাজৰিকা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ প্ৰমুখ্যে হাউৰাঘাট বিধান সভা সমষ্টি বিধায়ক জয়ৰাম ইংলেঙ, বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডঃ নুমোল মুমিন, হাফলং বিধান সভা সমষ্টিৰ বিধায়ক ভদ্ৰ হাগজেৰ, কাৰ্বি ৰজা ৰামছিং ৰংহাঙ, ভাৰতীয় জনতা পাৰ্টি পূব-পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতি সভাপতিদ্বয় ক্ৰমে ৰতন তেৰণ অৰুণ তেৰাঙৰ লগতে স্বায়ত্ব শাসিত পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যসকলৰ উপৰিও দহ সহস্ৰাধিক লোক উপস্থিত থাকে। 

স্বায়ত্ব শাসিত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত পাৰ্বত্যমন্ত্ৰী চুম ৰংহাঙে ভাষণ প্ৰসংগত কয় যে কাৰ্বি স্বায়ত্ব পৰিষদ গঠনৰ সময়তে তিনিটা গুৰুত্বপূৰ্ণ বিভাগ ক্ৰমে ৰাজহ চক্ৰ বিভাগ, প্ৰাথমিক শিক্ষা বিভাগ আৰু বন বিভাগ পৰিষদৰ হাতত অৰ্পণ কৰিছিল ৰাজ্য চৰকাৰে। 

তাৰ পিছত আঞ্চলিক ৰাজনৈতিক দলৰ আন্দোলনৰ জৰিয়তে ১৯৯৫ চনত আন্দোলনকাৰী, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ কৰি পুনৰ ৩০ টা বিভাগ স্বায়ত্ব পৰিষদৰ হাতত দি ক্ষমতা কিছু বৃদ্ধি কৰে। তেতিয়াৰে পৰা স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ ৰাজ্যিক কৰ্মচাৰী আৰু জিলা কৰ্মচাৰী সকলক সামৰি লৈ পৰিষদে পৰিচালনা কৰি অহাৰ কথা উল্লেখ কৰে। 

ইফালে মুখ্য অতিথি ভাষণত প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কাৰ্বি আংলঙত (PMGSY) প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক আঁচনিৰ জৰিয়তে ৫০০শ কোটি টকা ব্যয়ৰে পথ নিৰ্মাণৰ কাম চলি থকাৰ লগতে ডিফু চিকিৎসা মহাবিদ্যালয়ত অহা দহ দিনৰ ভিতৰতে কৰ্মচাৰী নিযুক্তি দিয়াৰ কাম আৰম্ভ কৰা হ’ব বুলি উল্লেখ কৰে। 

তেওঁ আৰু কয় যে হামৰেন-ডংকামোকাম-টুমপ্ৰেঙ হৈ হোজাই সংযোগী পথ আৰু ইফালে খেৰণিৰপৰা জিৰীকিন্দেঙ যোৱা পথ নিৰ্মাণৰ বাবে ২,৫০ কোটি আৰু লংকা-খেৰণি-উমৰাংছ' সংযোগী পথ নিৰ্মাণৰ বাবে ২০০ কোটি টকা ধাৰ্য কৰাৰ কথা জানিবলৈ দিয়ে উপস্থিত ৰাইজক। উল্লেখযোগ্য যে, ৬৮ সংখ্যক কাৰ্বি আংলং স্বায়ত্ব শাসিত জিলা পৰিষদ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্বায়ত্ব শাসিত ৰাজ্য দাবী আন্দোলনৰ সময়ত শ্বহীদ হোৱা সকলৰ পৰিয়াল বৰ্গক ৫ লাখ টকাকৈ এককালীন সাহায্যও প্ৰদান কৰে। 

গুৰুত্বপূৰ্ণ যে, আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতে প্ৰায় ২৫ কোটি টকা ব্যয় সাপক্ষে ডংকামোকামত নিৰ্মাণ কৰি উলিওৱা পশ্চিম কাৰ্বি আংলং জিলাৰ একমাত্ৰ অত্যাধুনিক সা-সুবিধাযুক্ত ৱাইছং ষ্টেডিয়ামৰো শুভ-উদ্ধোধন কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷