কনক দেউৰী, খেৰণিঃ প্ৰথম বাৰৰ বাবে ডিফুৰ পৰিৱৰ্তে পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ল কাৰ্বি স্বায়িত পৰিষদৰ প্ৰতিষ্ঠা দিৱস। দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে কাৰ্বি পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা পৰিলক্ষিত হ’ল পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত।
উল্লেখযোগ্য যে, কাৰ্বি পৰিষদৰ উপাধক্ষ্য ৰিতেছ ইংহিয়ে কৰা পতাকা উত্তোলনেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভনি কৰাৰ সমান্তৰালকৈ জিলাখনৰ পুৰোধা ব্যক্তি ছেমছন ছিং ইংতি, খৰছিং তেৰাঙৰ প্ৰতিমুৰ্তিত মাল্যৰ্পনৰ লগতে বন্তিপ্ৰজ্বলন কৰে৷ উদযাপিত ৬৮ সংখ্যক কাৰ্বি স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি আসন অলংকৃত কৰে ৰাজ্যিক গড়কাপ্তানী বিভাগ আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে ক্ৰমে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙ, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিয়ুয হাজৰিকা, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ প্ৰমুখ্যে হাউৰাঘাট বিধান সভা সমষ্টি বিধায়ক জয়ৰাম ইংলেঙ, বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ডঃ নুমোল মুমিন, হাফলং বিধান সভা সমষ্টিৰ বিধায়ক ভদ্ৰ হাগজেৰ, কাৰ্বি ৰজা ৰামছিং ৰংহাঙ, ভাৰতীয় জনতা পাৰ্টি পূব-পশ্চিম কাৰ্বি আংলং জিলাৰ সমিতি সভাপতিদ্বয় ক্ৰমে ৰতন তেৰণ অৰুণ তেৰাঙৰ লগতে স্বায়ত্ব শাসিত পৰিষদৰ সকলো কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্যসকলৰ উপৰিও দহ সহস্ৰাধিক লোক উপস্থিত থাকে।