newsnextoneখেৰণি, ৭ অক্টোবৰঃ সাৰ্বজনীন স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হোৱা তথা ইতিমধ্যে সমগ্ৰ দেশতে শুভাৰম্ভ কৰা ‘আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ আঁচনিখনৰ অধীনৰ ‘হিতাধিকাৰী পৰিয়াল পৰিচয় পত্ৰ’ বা প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণী সভা কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় আজি পশ্চিম কাৰ্বি আংলঙৰ
ডংকামোকাম চহৰত।
প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা’ কাৰ্ড বিতৰণী সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থকাৰ বিপৰীতে বৈঠালাংছ’ সমষ্টিৰ বিধায়ক ডঃ মানছিং ৰংপি, কাৰ্বি আংলং স্বাস্থ্য বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য খনছিং ৰংপি, অন্যান্য কাৰ্যবাহী সদস্যসকল, পৰিষদীয় সদস্যসকল, স্বাস্থ্য বিভাগৰ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগতে বৃহত্তৰ পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ তিনি সহস্ৰাধিক লোক উপস্থিত থাকে এই সভাত।