newsnextone.com | খেৰণিঃ যিমানেই লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই দুই পাৰ্বত্য জিলা ডিমা হাছাও আৰু কাৰ্বি আংলঙত তৎপৰতা বৃদ্ধি পাইছে বিজেপি নেতাকৰ্মীৰ লগতে দলটোৰ অংগস্বৰূপ সাংগঠনিক কৰ্মকৰ্তাসকলৰ। ধাৰাবাহিক গতিৰে শাসকীয় দলটোয়ে জিলা দুখনৰ বিভিন্ন স্থানত ইখনৰ পিছত সিখন সভা আয়োজন কৰি সমাগত লোকসভা নিৰ্বাচনত বিৰোধীক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে দল শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰু ডিমা হাছাও বিজেপিয়ে।
সমান্তৰালকৈ দলটোয়ে বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী ইতিমধ্যে সম্পন্ন কৰাৰ বিপৰীতে লোকসভা নিৰ্বাচনত বিৰোধীক প্ৰত্যাহ্বান জনাব পৰাকৈ হাতত লৈছে বিভিন্ন পন্থা আৰু নির্বাচনী ৰণ কৌশল। আজিও তেনে এক লক্ষ্যৰে গুৰুত্বপূৰ্ণভাৱে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অনুষ্ঠিত হয় বিজেপিৰ এখন জিলা কাৰ্যনিৰ্বাহক সভা।