কনক দেউৰী, খেৰণিঃ কাৰ্বি আংলঙৰ এ এছ ডি চি আঞ্চলিক দলৰ নেতা মহেন্দ্ৰ ৰংপিৰ আকস্মিক মৃত্যু। হঠাৎ ৰাষ্ট্ৰ হৈ পৰা ৰংপিৰ মৃত্যুৰ দু:খবৰে শোকস্তব্ধ কৰি তুলে বৃহত্তৰ খেৰণি, জিৰিকীণ্ডিঙৰ লগতে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ সকলোকে।
বিজেপিৰ প্ৰতি মোহভংগ হৈ বিজেপি দল ত্যাগ কৰি কিছুদিন পূৰ্বে ৰংপিয়ে যোগদান কৰিছিল এ এছ ডি চি আঞ্চলিক দলত। দলৰ আনুগত্য স্বীকাৰ কৰি দলৰ নীতি আৰু আদৰ্শৰে দলীয় কামকাজৰ বাবে আজি জেৰিকীণ্ডিঙৰপৰা ডংকামোকামলৈ গৈ আছিল ৰংপিয়ে। কিন্তু জেৰিকীণ্ডিঙৰপৰা খেৰণিত উপস্থিত হওঁতেই হঠাৎ শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু চিকিৎসকৰ পৰামৰ্শ লবলৈ খেৰণি আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ কাষ চাপে ৰংপিয়ে।