খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নাভূত-নাশ্ৰুত কাণ্ডই জনতাৰ চকু কঁপালত তুলিছে৷ সমগ্ৰ দেশৰ লগতে কাৰ্বি পাহাৰতো তদানীন্তন কংগ্ৰেছ দলক নীৰৱে প্ৰত্যাখ্যান কৰি পাহাৰবাসীয়ে পৰিবৰ্তনকামী বিজেপি দলক শাসনৰ ক্ষমতালৈ আনিছিল কাৰ্বি আংলঙত৷ কিন্তু শাসনৰ বাঘজৰী হাতত লোৱাৰ পাছৰে পৰা দিনক দিনে বিজেপিয়ে প্ৰদৰ্শন কৰি অহা অহমিকাক লৈ অতিষ্ঠ হৈ পৰিছে এতিয়া কাৰ্বি পাহাৰৰ জনতা৷
ইপিনে সাংসদ আৰ পি শৰ্মাই নিজৰ দলৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে অভিযোগ তোলা বিষয়টোয়ে গৃহ-কন্দলৰ সূচনা কৰি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিজেপি অন্যান্য পিছপৰা শ্ৰেণী মৰ্চায়েও আচৰণ নীতি উলংঘা কৰি ৰাইজৰ চকু কঁপালত তুলিছে৷