খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি পৰিষদৰ পৰিষদীয় ৮ নম্বৰ হামৰেন সমষ্টিৰ অন্তৰ্গত ইংলং-কেজইত মঙলবাৰে কাৰ্বি পৰিষদৰ এক বৃহৎ সজাতি দলেৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত হৈ সহস্ৰ জনতাক উদ্দেশ্যি কয়, ‘বাট-পথৰ উন্নয়নেহে পাহাৰীয়া ৰাইজৰ আৰ্থিক দিশ পৰিৱৰ্তনত বিশেষভাৱে সহায় আগবঢ়াব’।
ইংলং-কেজইত আয়োজন কৰা উন্নয়ন সভাৰ ভাষণ প্ৰসংগত ৰংহাঙে এইবুলিও উল্লেখ কৰে যে এটা বৰ্ষৰ ভিতৰতে পাহাৰীয়া জিলাখনৰ হামৰেন সমষ্টিত ৯০ শতাংশ বাটপথ সুচল আৰু পকীকৰণ কৰা হ’ব। কেৱল বাটপথয়েই নহয় অঞ্চলটোত বিশেষকৈ শিক্ষা ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বিদ্যুৎ যোগান আৰু গুৰুত্ব প্ৰদানেৰে ৰাইজৰ জ্বলন্ত সমস্যা শীঘ্ৰে সমাধা কৰা হ’ব বুলি।