খেৰণিঃ ৰাজ্যত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰপ। কেতিয়া যদি হাতী-মানুহৰ সংঘাতত কাৰোবাৰ প্ৰাণ গৈছে, আন কেতিয়া আকৌ বনৰীয়া হাতীৰ উপদ্ৰপত কৃষকৰ শ শ ভূমিৰ শস্য বিনষ্ট হৈছে।
এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত খেৰণিৰ বগৰীঘাটৰ ধাননি পথাৰ আৰু কুঁহিয়াৰ খেতিত চলিছে বৃহৎ বনৰীয়া হাতী জাকৰ উপদ্ৰপ। উল্লেখযোগ্য যে বিগত দুটা নিশা ধৰি প্ৰায় ৬০-৭০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে খেৰণি কৃষি বিভাগৰ অধীনত বিভাগটোয়ে ধান খেতি সম্পাদন কৰা প্ৰায় ৬২ বিঘা ভূমিৰ ভিতৰত প্ৰায় ১৮ বিঘা ভূমিৰ ধান খেতি গচকি নষ্ট কৰাৰ লগতে খায় তহিলং কৰিছে।