Home ৰাজ্যমেনছিং ডেৰা সোঁৱৰনি মেমৰিয়েল ফুটবল টূৰনামেন্টৰ ফাইনেলত জয়ী ফেলাংপি এফ চি

মেনছিং ডেৰা সোঁৱৰনি মেমৰিয়েল ফুটবল টূৰনামেন্টৰ ফাইনেলত জয়ী ফেলাংপি এফ চি

by News Desk
A+A-
Reset
kheroni1

newsnextoneখেৰণি, ৫ অক্টোবৰঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ অধীনৰ খেৰণি ক্ৰীড়া সংস্থাৰ উদ্যোগত প্ৰয়াত মেনছিং ডেৰাৰ সোঁৱৰণিত অনুস্থিত হোৱা মেমৰিয়েল ফুটবল টূৰ্নামেন্ট প্ৰতিযোগিতাৰ আজিৰ চুড়ান্ত খেলেৰে প্ৰতিযোগিতাখনৰ যৱনিকা পৰে। 
যোৱা ১১ ছেপ্টেম্বৰত আৰম্ভ হোৱা টূৰ্নামেন্টখনত মুঠ ১৬ টাকৈ ফুটবল দলে যোগদান কৰে। আটাইকাইটা দলে অতি আকৰ্ষনীয় খেল খেলি পাহাৰীয়া জিলাখনৰ দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়৷  
প্ৰতিযোগিতাখনত সম্পূৰ্ণৰূপে নক-আউট পদ্ধতিৰে খেলি এই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত উপনীত হয় ফেলাংপি এফ চি আৰু ৰিকাংমিহম এফ চিয়ে। উল্লেখযোগ্য  যে আজি অনুস্থিত হৈ যোৱা ফুটবল খেলৰ চুড়ান্ত খেলখনত সহস্ৰাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি এক উত্তেজনাপূৰ্ণ পৰিবেশেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয় দুয়োটা দলে। খেলখনৰ আৰম্ভণিৰে পৰা অন্তিম মুহূৰ্তলৈকে সুন্দৰ খেল প্ৰদৰ্শনেৰে দুয়োটা দলেই এক আলোড়ন সৃষ্টি কৰে। উল্লেখযোগ্য যে বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক দৰ্শক তথা ক্ৰীড়া অনুৰাগীৰে ভৰি থকা খেলপথাৰত দুয়ো দলে আক্ৰমণ-প্ৰতি আক্ৰমনেৰে খেলখনৰ প্ৰথমাৰ্ধত কোনো গল দিব নোৱাৰিলে যদিও খেলখনৰ দ্বিতীয়াৰ্ধৰ প্ৰথম অৱস্থাত ৰিকাংমিহম এফ চিয়ে ১ গ’ল প্ৰদান কৰি অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। কিন্তু কিছু সময়ৰ ভিতৰতে ফেলাংপি এফ চিয়ে অাকৰ্ষণীয় ভাবে ১ টা গল প্ৰদান কৰি খেলখনৰ ভাৰসাম্যতা ঘূৰাই আনে। 

blank
অৱশেষত ট্ৰাই-বেকাৰ পদ্ধতিৰে ৪—-৩ গ’লৰ ব্যৱধানেৰে ফেলাংপি এফ চিয়ে চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। টূৰ্নামেন্টখনৰ চুড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে পৰিষদীয় কপিলী সমষ্টিৰ গাওঁ উন্নয়ণ সমিতিৰ অধ্যক্ষ হনছিং টেৰাং, গাওঁ উন্নয়ণ সমিতিৰ প্ৰাক্তন অধ্যক্ষ ক্লেন্দুন টেৰণ উপস্থিত থকাৰ উপৰিও খেৰণি ক্ৰীড়া সংস্থাৰ সভাপতি ধনছিং ডেৰা, খেৰণি হাই স্কুলৰ প্ৰধান শিক্ষক দিলীপ কলিতা, সমাজসেৱক বিষ্ণুৰাম টেৰাং, গাঁৱলীয়া আৰু চৰকাৰী গাওঁবুঢ়াসকলকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপস্থিত অতিথিৰ উপস্থিতিত বিজয়ী দলক কাপসহ ২০০০০/ টকা মূল্যৰ চেক প্ৰদান কৰাৰ বিপৰীতে ৰানাৰ্চআপ দলক কাপসহ ১০০০০/ টকা মূল্যৰ চেক প্ৰদান কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0