কাৰ্বি আংলংঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ এটা অঞ্চলত বিয়পিছে এক অচিন ৰোগ। হৃদয়বিদাৰক অঞ্চলটোত প্ৰাদুৰ্ভাৱ হোৱা
এই অচিন ৰোগত আক্ৰান্ত হৈ এতিয়ালৈকে সাতজনতকৈ লোক মৃত্যুমুখত পৰিছে। 

এতিয়াও বহু লোক এই ভয়ানক ৰোগত হৈ আছে আক্ৰান্ত। কিন্তু বৰ্তমানলৈকে খবৰ ল’বলৈ আহৰি পোৱা নাই জিলা প্ৰশাসনে। বিগত এমাহৰপৰা পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ অন্তৰ্গত কৰ্মাফা গাঁওৰ লোকসকলক আক্ৰান্ত কৰিছে অচিন ৰোগে। 

গাঁওখনত বসবাস কৰা ৯০ পৰিয়ালৰ প্ৰত্যেকটো ঘৰতে এজন দুজনকৈ হ’লেও সদস্য আক্ৰান্ত হৈছে গাঁওখনত প্ৰাদুৰ্ভাৱ হোৱা এই অচিন ৰোগত। অচিন ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ সাতজনলোক ক্ৰমে পূৰ্ণ ছাগৰা (২৮), কনক ছাগৰা (৩৪), খোতেশ্বৰ মিথি (৬০), মালা মিথি (২৯), দুলুমণি মিথি (৩৫), মইনা পুমা (২৫) আৰু নোৱাৰাম খোলা (৮০) মৃত্যুমুখত পৰিছে।

বৰ্তমানলৈকে অসুস্থ লোকসকল প্ৰকৃততে কি ৰোগত আক্ৰান্ত হৈ পৰিছে সেয়া এতিয়াও চিনাক্ত কৰিব পৰা নাই চিকিৎসকে। ফলত এক আতংকময় পৰিস্থিতি সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোত। এইক্ষেত্ৰত শীঘ্ৰে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে হয়তো আৰু বহু লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

খেৰণি, কনক দেউৰী