কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ মাজিয়াহাদিত ৰংখাং উন্নয়ন খণ্ডৰ অধীনৰ এম জি এনৰেগা আঁচনি ৰূপায়নত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। উল্লেখযোগ্য যে, মাজিয়াহাদি গাঁওখনত অঞ্চলটোৰ উন্নয়ন আৰু ৰাইজৰ অভাৱ দূৰীকৰণৰ স্বাৰ্থত ৰংখাং উন্নয়ন খণ্ডৰ অধীনত ২০১৮-১৯ বিত্তীয় বৰ্ষত এম জি এনৰেগা আঁচনিৰ জৰিয়তে এটা ৰাজহুৱা পুখুৰী নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল।
অনুমোদনৰ পাছতেই উক্ত গাঁওখনত আৰম্ভ কৰা হৈছিল পুখুৰী নিৰ্মাণৰ কাৰ্য্য জৱকাৰ্ডৰ যোগেদি। কিন্তু নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা পুখুৰীটোৰ কাম আজ পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত ৰাজহুৱা পুখুৰী নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাজিয়াহাদিবাসীয়ে।