খেৰণিঃ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত শুকুৰবাৰে এক উৎসৱমুখৰ পৰিৱেশেৰে পৰম্পৰাগত জনগোষ্ঠীয় নৃত্য গীতেৰে বৃহত্তৰ সমষ্টিটোৰ বিভিন্ন স্থানত কাৰ্বি পৰিষদৰ জলসিঞ্চন বিভাগৰ দায়িত্ব প্ৰদান কৰা নৱ নিযুক্ত কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় হামৰেন সমষ্টিবাসীয়ে। এক অাৱতৰিয়া দিপাৱলীসদৃশ পৰিৱেশ সৃষ্টিৰে প্ৰথমে খেৰণিঘাট, জেংখা, তেলেহৰত সহস্ৰাধিক পুৰুষ-মহিলাই কাৰ্বি জনগোষ্ঠীয় মাফলা, অসমীয়া গামোচা আদিৰে নৱ নিযুক্ত কাৰ্যবাহী সদস্যগৰাকীক উষ্ম আদৰণি সম্বৰ্ধনা জনায়। শেহতীয়াকৈ কাৰ্যবাহী সদস্যগৰাকীৰ গৃহসমষ্টিৰ তেলেহৰত এখন আদৰণি-সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়।
