কনক দেউৰী, খেৰণিঃ ৰাজ্যৰ সীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে সৰ্বানন্দ চৰকাৰ, একেদৰে ব্যৰ্থ তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন কাৰ্বি পৰিষদ আনহাতে, সেই একেই অৱস্থা অসম আৰক্ষী বিভাগৰো। সেই কথা পুনৰ প্ৰমাণিত কৰিলে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ পিছিয়াৰ, খাটখাচলা, উমখ্ৰীমি আদি অঞ্চলৰ সীমা বিবাদৰ ঘটনাই। 

উল্লেখযোগ্য যে, এইবাৰ জিৰীকিন্দেঙ থানা অন্তৰ্গত পিছিয়াৰ নামৰ গাঁওখনত বাহৰ পাতিছে মেঘালয় আৰক্ষীয়ে। এক কথাত ক’বলৈ গ’লে অবৈধভাৱে সীমান্তৰপৰা চাৰি কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি অসমৰ ভূমিত মেঘালয়ৰ আৰক্ষীয়ে সীমান্ত আৰক্ষী চকী (Boarder Out Post) চমুকৈ বি অ পি স্থাপনৰ চেষ্টা চলাইছে। 

অৱশ্যে সীমান্তবাসী ৰাইজৰ ব্যাপক তৎপৰতা আৰু জিৰীকিন্দেঙ আৰক্ষীৰ প্ৰচেষ্টাত পিছিয়াৰৰপৰা শিবিৰ উঠাই নিবলৈ বাধ্য কৰাই মেঘালয়ৰ আৰক্ষীক। গুৰুত্বপূৰ্ণ কথা যে ৰাজ্যৰ সীমা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত অসমত যি চৰকাৰেই গঠন নহওক কিয়, চৰম ব্যৰ্থতাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে। তাৰ বিপৰীতে কিন্তু চুবুৰীয়া ৰাজ্য ক্ৰমে অৰুণাচল, নাগালেণ্ড, মেঘালয়ে কওক সদায় তৎপৰ হৈ থাকে আগ্ৰাসন চলোৱাৰ ক্ষেত্ৰত। 

প্ৰতিবেশী ৰাজ্যসমুহৰ চৰকাৰে নিজৰ আৰক্ষী প্ৰশাসনক সদায় উৎসাহ-উদীপনা আৰু সাহস দি অহাৰ বিপৰীতে অসম চৰকাৰে নিৰাশ হতাশহে কৰি আহিছে এনেবোৰ ক্ষেত্ৰত। যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত চুবুৰীয়া ৰাজ্যৰ প্ৰশাসন আৰু ৰাইজে অসমৰ ভূমি দখলৰ চেষ্টা কৰি আহিছে। শেহতীয়াকৈ মেঘালয়ৰ আৰক্ষীয়ে অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰীকিন্দেঙ থানা অন্তৰ্গত পিছিয়াৰ গাঁৱতো শিবিৰ স্থাপন কৰিছেহি। অৱশ্যে মেঘালয় সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা ৰাইজৰ প্ৰবল প্ৰতিবাদত আৰু অসম আৰক্ষীৰ হেঁচাত মেঘালয়ৰ আৰক্ষীয়ে শিবিৰ উঠাই ল’বলৈ বাধ্য হৈছে। 

উক্ত জিৰীকিন্দেঙ থানাৰে অন্তৰ্গত উমখ্ৰীমিত অৰ্থাৎ অসম মুলুকতে অসম আৰক্ষীয়ে এটা অস্থায়ী গৃহতে বি অ পি স্থাপন কৰিছিল কিন্তু মেঘালয়ৰ আৰক্ষী আৰু ৰাইজৰ লগতে ৰাজনৈতিক নেতা সকলে আহি বি অ পি স্থাপন কৰিবলৈ নিদিলে। অতি লজ্জাজনকভাৱে অসম আৰক্ষীয়ে অসম মুলুকতে, নিজৰ মাতৃভূমিতে ভগনীয়া হৈ পৰিছে। জাতি-মাটি-ভেটি ৰক্ষাৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি আংলঙৰ ভূমি এক ইঞ্চিও কাকো নিদিওঁ বুলি দম্ভালি মৰা কাৰ্বি পৰিষদৰ চৰকাৰে সীমান্তৱৰ্তী অঞ্চলত কি ঘটিছে সেয়া খবৰ লবলৈ এতিয়াও আহৰি পোৱা নাই। 

বিপৰীতে এনে ভূমি বিবাদৰ ঘটনাই বৃহত্তৰ সীমান্তৱৰ্তী এলেকাবোৰত ব্যাপকভাৱে চেপা-উত্তেজনাৰ সৃষ্টি কৰিছে। প্ৰশ্ন হৈছে সীমান্তবাসীক খলঠেকত ঠেলি দি কিয় বাৰু এনে বিতৰ্কিত ভূমি সন্দৰ্ভত একো ব্যৱস্থা গ্ৰহণ নকৰে ৰাজ্য চৰকাৰ অথবা কাৰ্বি পৰিষদীয় চৰকাৰখনে?