48
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি সাংবাদিক সংস্থাৰ সভাপতি তথা অসমীয়া প্ৰতিদিন আৰু প্ৰাগ নিউজৰ খেৰণিৰ স্থানীয় সাংবাদিক বীৰেন ইংহিৰ মাতৃ কাঁচাই তিমুংপি (৮৫) আৰু নাই।
বিয়োগৰ খবৰত মৰ্মাহত খেৰণি সাংবাদিক সংস্থা। প্ৰতিগৰাকী স্থানীয় সাংবাদিককে নিজৰ পুত্ৰ দৃষ্টিৰে মৰম স্নেহ, আদৰ আদি কৰি অহা সকলোৰে শ্ৰদ্ধাৰ মাতৃ গৰাকী আজি কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে খেৰণি চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল।