কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত হামৰেন জিলা উপায়ুক্তৰ সংবাদমেল। পশ্চিম কাৰ্বি আংলং জিলাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত সৰ্বাধিক লোকৰ নাম অন্তৰ্ভুক্ত হৈছে আৰু বাদ পৰা লোকৰ সংখ্যা কম হ’ব বুলি সোমবাৰে ডংকামোকামত অনুষ্ঠিত হোৱা এক সংবাদ মেলত এনেদৰে মন্তব্য কৰে জিলা উপায়ুক্তই।
লগতে বাদ পৰা লোকসকল আতংকিত হোৱাৰ কাৰণ নাই বুলিও দোহাৰি ভাৰতীয় নাগৰিকৰ প্ৰমাণ থাকিলে পৰৱৰ্তী সময়ত পুনৰ অন্তৰ্ভুক্তৰ সুযোগ লাভ কৰিব বুলিও মন্তব্য কৰে৷