খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন চহৰত অৱস্থিত হামৰেন বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এখন উল্লেখযোগ্য শিক্ষক-অভিভাৱকৰ সন্মিলিত সভা।
সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, পিতৃ-মাতৃ আৰু অভিভাৱকৰ উপস্থিতিৰে আয়োজন কৰা সন্মিলিত মুকলি সভাত মুখ্য অতিথিৰূপে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মংগলছিং তিমুং উপস্থিত থকাৰ বিপৰীতে উক্ত বিদ্যালয়খনৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চাংটাং ৰংহাং, প্ৰধান শিক্ষক দুধিৰাম শৰ্মা, হামৰেন চহৰ সমিতিৰ অধ্যক্ষ বীৰেন তিচ্ছ’কে ধৰি ভালেসংখ্যক বিশিষ্ট লোক আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।