46
খেৰণিঃ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ হাৰলংচৰা বহুমুখী সমবায় সমিতিৰ উদ্যোগত হাৰলংচৰাত এ এন এন এ আঁচনিৰ শুভ উদ্বোধন কৰে শনিবাৰে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে।
ইয়াৰ পাছতেই সমিতিখনৰ উদ্যোগত আয়োজন কৰা বিতৰণি সভাৰ যোগেদি উল্লেখিত তথা অন্যতম অভিলাষী আঁচনিখনৰ অধীনত হিতাধিকাৰীৰ মাজত সুলভ মূল্যৰ এক টকীয়া চাউল বিতৰণ কৰে কাৰ্যবাহী সদস্যগৰাকীয়ে।