75
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত নিশা সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড। খেৰণি থানা অন্তৰ্গত সাপ্তাহিক বজাৰত অৱস্থিত দোকানত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা।
প্ৰায় দহ খনতকৈ অধিক দোকান ভস্মীভূত হয় এই ঘটনাত। দোকানৰ কাষতে বাস কৰা কেইবাটাকৈ পৰিয়ালৰ মাজত লাগে হাহাকাৰ আৰু সৃষ্টি হয় এক আতংকৰ। দোকানৰ ভিতৰত মজুত ৰখা ডিজেল-পেট্ৰ’লৰ ড্ৰাম বিস্ফোৰণ হয়।