Home ৰাজ্যসদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ ডিফু মহকুমা সমিতি গঠন

সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ ডিফু মহকুমা সমিতি গঠন

by News Desk
A+A-
Reset
satra santha

ডিফুঃ  শেহতীয়াভাৱে আত্মপ্ৰকাশ কৰা সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থা চমুকৈ আক্ছুৰ ডিফু মহকুমা সমিতিখন আজি গঠন কৰা হয়৷  আজি ডিফু প্ৰেছ ক্লাবত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ কাৰবি আংলং জিলা সমিতিৰ সভাপতি ভৰত ৰংহাঙৰ পৌৰহিত্যত অনুষ্ঠিত এখনি সাধাৰণ সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে বিজয় তিমুঙক সভাপতি, ইমৰাণ হুছেইন বৰভূঞাঁক উপসভাপতি আৰু ছিমিঅন হাঞ্চেক সাধাৰণ সম্পাদক হিচাপে লৈ  আকছুৰ এখনি ২১ জনীয়া ডিফু মহকুমা সমিতি গঠন কৰি দিয়া হয় ৷ 

ইয়াৰ পূৰ্বে সভাৰ উদ্দেশ্য বাখ্যা কৰে কাৰবি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ভি আৰ এছ দৈমাৰীয়ে ৷ আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে ভাষণ প্ৰসংগত কয় যে সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাই জন্মৰ এমাহৰ ভিতৰতে প্ৰশংসনীয় সফলতা লাভ কৰিছে ৷ খিলঞ্জীয়া ছাত্ৰ সন্থাৰ উদ্দেশ্য আৰু লক্ষ্য হৈছে একেখন মঞ্চতে থাকি অসমৰ প্ৰতিটো থলুৱা জনগোষ্ঠী ক্ৰমে কাৰবি,ডিমাছা, আহোম, বড়ো,তিৱা মিছিং ,কছাৰী,নেপালী  বেংগলী, মুছলমান, ইত্যাদিয়ে নিজৰ সমস্যাৰ  হকে ৰাজনীতিৰ উৰ্ধত থাকি নিৰপেক্ষ ভাবে ঐক্যবদ্ধ ভাবে মাত মাতি যোৱা ৷  উদাহৰণ স্বৰূপে  কাৰবি আংলঙৰ দীৰ্ঘদিনীয়া সমস্যা ২৪৪( ক) ৰূপায়ণৰ পক্ষত ঐক্যমতত অগ্ৰসৰ হোৱা, লগতে বড়ো, ডিমাচা, নেপালী,বেংগলী, মুছলমান আদি বিভিন্ন থলুৱা জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ণৰ হকে আকছু সংকল্পবদ্ধ বুলি নিজৰ বহুমূলীয়া ভাষণত উল্লেখ কৰে আকছুৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0