খৈৰাবাৰীঃ খৈৰাবাৰী অঞ্চলৰ এগৰাকী জনপ্ৰিয় পণ্ডিতৰ সোমবাৰে মৃত্যু হোৱা বাতৰিয়ে শোকৰ ছাঁ পেলাইছে৷ খৈৰাবাৰী অঞ্চলৰ ঐতিহাসিক হনুমান মন্দিৰৰ স্থায়ী পূজাৰী দেৱকান্ত মিশ্ৰৰ সোমবাৰে প্ৰায় ৬৬ বছৰ বয়সত মৃত্যুবৰণ কৰে৷

প্ৰয়াত দেৱকান্ত মিশ্ৰই সুদুৰ বিহাৰৰপৰা আহি খৈৰাবাৰীত নিগাজাকৈ থাকি চল্লিশ বছৰতকৈ অধিক দিন হনুমান মন্দিৰত পুজা-পাঠ কৰিছিল৷ ইয়াৰোপৰি ঐতিহাসিক ৰাম জানকী মন্দিৰ আৰু খৈৰাবাৰী চহৰৰ বোল ব’ম শিৱ মন্দিৰৰ স্থায়ী পূজাৰী আছিল৷

তদুপৰি খৈৰাবাৰীৰ সকলোবোৰ দোকান বজাৰত ফুল দি চাৰিজনীয়া পৰিয়ালটোক পোহপাল দি আছিল৷ হাৰে হিমজুৱে অসমীয়া হৈ পৰা মিশ্ৰৰ এজন পুত্ৰ আৰু জীয়ৰীয়ে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া কৰিছে৷ দেৱকান্ত মিশ্ৰক সকলোৱে পণ্ডিতজী নামেৰে সম্বোধন কৰিছিল৷ 

পণ্ডিত গৰাকীৰ অকাল মৃত্যুত খৈৰাবাৰীৰ সকলো শ্ৰেণীৰ ৰাইজ তথা দল সংগঠনে শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত পণ্ডিত মিশ্ৰই ধৰ্মীয় পত্নী, পুত্ৰ কন্যা আৰু অনেক গুণমুগ্ধ ব্যক্তিক এৰি থৈ যায়৷