খৈৰাবাৰীঃ জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যৰ শাসনত বহা বিজেপি চৰকাৰে উন্নয়নৰ শ্ল’গান দি আহিছে যদিও ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত এতিয়াও উন্নয়ন কেৱল শ্ল’গানতে সীমাবদ্ধ হৈ থকা পৰিলক্ষিত হৈছে। হাগ্ৰামা মহিলাৰীৰ ১৫ বছৰীয়া মডেল বি টি চিৰ উন্নয়নেও স্পৰ্শ কৰিব পৰা নাই বি টি এ ডিৰ ওদালগুৰি জিলাৰ কেতবোৰ অঞ্চল।
ইয়াৰে ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পানেৰী বিধান সভা সমষ্টি আৰু বি টি চিৰ খালিংদুৱাৰ সমষ্টিৰ বৃহত্তৰ খৈৰাবাৰী অঞ্চলৰ লগতে ১০ খন গাঁও। শতকৰা ৯৯ শতাংশ কৃষিজীৱী লোকে বাস কৰা ১ নম্বৰ, ২ নম্বৰ, ৩ নম্বৰ খৈৰাবাৰী গাঁও, পুৰণি টংলা গাঁও, টংলা গাওঁ, হাবি গাঁও, দুলীয়া পাৰা গাঁও, বুঢ়া গোঁসাই থান আৰু পশ্চিম নলবাৰী গাঁৱৰ ৰাইজ এতিয়া বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত।