85
ডিজিটেল ডেস্কঃ নিউ মেক্সিকোৰ এখন মৰুভূমিত পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল এটা পৰিয়াল। দুই ভায়েক জুড স্পাৰ্কছ আৰু হাণ্টাৰে ৱাকি-টকি টেষ্ট কৰি বহুদুৰলৈ গুছি গৈছিল। তাতে সৰু ভায়েক জুড প্ৰত্যক্ষ কৰে মৰুভূমিৰ বালিত পোত খাই থকা বৃহৎ দাঁত এপাৰি।
জুডে প্ৰথমতে সেয়া কোনো গৰু-মহৰ শৱ বুলি ভাবিছিল যদিও অস্বাভাৱিক গঠনৰ দাঁত দেখি কৌতুহল জাগে। লগে লগে দুয়োজনে অভিভাৱকক উক্ত স্থানলৈ মাতি আনে।