61
ডিজিটেল ডেস্কঃ গোৰক্ষাৰ নামত দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত অমানুষিক হত্যা-হিংসাৰ প্ৰতিকাৰ বিচাৰি উচ্চতম ন্যায়ালয়ত দাখিল কৰা পিটিশ্যনৰ আজি শুনানীত উচ্চতম ন্যায়ালয়ে কঢ়া নিৰ্দেশ দিছে কেন্দ্ৰক।
গোৰক্ষা বাহিনীক নিষিদ্ধ ঘোষণা কৰাৰ বাবে দাখিল কৰা পিটিশ্যনৰ শুনানীত সৰ্বোচ্চ ন্যায়ালয়খনে কেন্দ্ৰক চাৰি সপ্তাহৰ সময় দিছে। এই চাৰিটা সপ্তাহত গোৰক্ষা বাহিনীৰ সন্ত্ৰাস কেনেদৰে ৰোধ কৰিব পৰা যায়, সেই সম্পৰ্কত কাৰ্যনীতি দাখিল কৰিব দিছে।