Home ৰাজ্যঅভয়াপুৰীত ৰহস্যজনক অপহৰণ কাণ্ড

অভয়াপুৰীত ৰহস্যজনক অপহৰণ কাণ্ড

by News Desk
55 views
A+A-
Reset

উত্তৰ শালমাৰাঃ ৰাজ্যত বৃদ্ধি পাইছে অপহৰণৰ ঘটনা৷ বাৰে বাৰে ব্যৰ্থ আৰক্ষী প্ৰশাসন৷ কিন্তু এইবাৰ আৰক্ষী সফল৷ কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল দুধৰ্ষ অপহৰণকাৰীক৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দেওহাটী চ’কত সমৰেশ মণ্ডল নামৰ ICICI বেংকৰ কৰ্মচাৰী জনে গোৱালপাৰালৈ যাবলৈ বুলি ৰৈ থকা অৱস্থাত চাৰিজনীয়া এটা দুৰ্বিৃত্তৰ দলে জোৰ জবৰদস্তি গাড়ীত উঠাই লৈ যায়৷

স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ যোগীঘোপা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে৷ যোগীঘোপা আৰক্ষীয়ে লগে লগে দুই ঠাইত চেক গেট লগায় যদিও AS-01-DE-4379 নম্বৰৰ অপহৰণকাৰীৰ ইয়’ন গাড়ীখনে নিৰাপত্তা ভেদ কৰিবলৈ সক্ষম হয়৷ শেষত যোগীঘোপা আৰক্ষীয়ে অপহৰণকাৰীৰ গাড়ীখন অনুসৰন কৰি গোৱালপাৰা জিলাৰ মাকৰীত চাৰি দুৰ্বৃত্তক কৰায়ত্ত কৰি সমৰেশ মণ্ডলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0