59
কাজিৰঙাঃ কাজিৰঙাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ অপহৰণ কাণ্ড৷ পিষ্টল দেখুৱাই কাজিৰঙাৰ তেল ডিপুৰ পৰা তিনি অচিনাক্ত দুৰ্বৃত্তই গাড়ীত উঠাই লৈ গল এজন যুৱকক৷ অপহৃত যুৱকজনৰ নাম ভাস্কৰ গগৈ৷
গেলেকীৰ NRL তেল ডিপুত কৰ্মৰত ভাস্কৰ গগৈ নামৰ যুৱকজনক দুবছৰ মান পূৰ্বেই কোনো অজ্ঞাত লোকে ভাবুকি প্ৰদান কৰিছিল বুলি যুৱকজনে কাম কৰা তেল ডিপুটোৰ একাংশ কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।