নগাঁওঃ নগাঁও জিলাৰ উত্তৰ-পশ্চিম প্ৰান্তত সঘনাই সংঘটিত হৈ থকা হত্যা, ধৰ্ষণ, অপহৰণৰ ঘটনাই ত্ৰাসিত কৰি ৰখাৰ সময়তে এগৰাকী কিশোৰী অপহৰণৰ ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত খবৰ মতে, জিলাখনৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ এলেকাৰ পতিয়া চাপৰি গাঁৱৰ আব্দুল মোতালিবৰ ১৪ বছৰীয়া কন্যাক যোৱা ২১ এপ্ৰিলত নিজ গৃহৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰিছিল।
অপহৰণ কাণ্ড ঘংঘটিত হোৱাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃয়ে ডুমডুমীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৬৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছিল৷