কোকৰাঝাৰঃ বঙাইগাঁৱৰ ক্ষুদ্ৰ ব্যৱসায়ী নবীন জৈনৰ অপহৰণকাণ্ডৰ সৈতে জড়িত দুই অপহৰণকাৰীক ইতিপূৰ্বে কোকৰাঝাৰ আৰক্ষীয়ে এক যৌথ অভিযানৰ সহায়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পিছত আজি উক্ত অপহৰণকাণ্ডৰ সতে জড়িত অান এক অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা অপহৰণকাৰীটো হ’ল জিলাখনৰ লালমাটি নিৱাসী দিনেন মুছাহাৰীৰ পূত্ৰ দীপক মুছাহাৰী( ৩২) বুলি আৰক্ষীয়ে সদৰী কৰিছে । তদুপৰি তেওঁৰ জিম্মাৰ পৰা আৰক্ষীয়ে অপহৰণৰ সময়ত ব্যৱহৃত হোৱা এএছ ০১ ৱাই ৯৭৩৩ নম্বৰৰ এখন মাৰুতি অমনি গাড়ীও জব্দ কৰিবলৈ সক্ষম হৈছে ।