কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ নিলগৰ তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰীৰ বাসভৱনৰ নিকটৰ ভৱানীপুৰৰ জেডি পথৰ পৰা কালি নিশা এগৰাকী ব্যৱসায়ীক অপহৰণ কৰা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।  অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰা ব্যৱসায়ীগৰাকী হ'ল ভৱানীপুৰৰ ৰঞ্জিত দত্ত ওৰফে গুট্টু (৪০) ।

প্ৰাপ্ত বাতৰি অনুসৰি ৰঞ্জিত দত্তই কদমতলাত থকা ইলেকট্ৰিকেলৰ দোকান সামৰি নিশা ৮:২৫ মান বজাত স্কুটিৰে ঘৰলৈ গৈ থাকোতেই অপহৃত হয় । নিজ দোকানৰ পৰা স্বগৃহলৈ মাথো পাঁচ মিনিটৰ ৰাস্তাতে দুৰ্ষ্কৃতিকাৰীয়ে তেওঁৰ পিছ লয় আৰু ঠিক ঘৰৰ সন্মুখতে নিশা ৮:৩০মান বজাত দুখন পালচাৰ মটৰচাইকেলত অহা চাৰিজন অস্ত্ৰধাৰী দুৰ্ষ্কৃতিকাৰীয়ে ৰঞ্জিত দত্তক অাগচি ধৰি অস্ত্ৰৰ ভাবুকিৰে নিজৰ জিন্মাত লৈ মটৰচাইকেলত উঠাই লৈ  কাৰিগাঁওৰ দিশে তীব্ৰবেগেৰে উধাও হয় ।

অতি অমায়িক আৰু সদায় হাঁহিমুখীয়া ব্যৱসায়ী ৰঞ্জিত দত্তক কোনে কি কাৰণত অপহৰণ কৰিলে সেয়া অদ্যপি স্পষ্ট হোৱা নাই । অপহৰণকাৰীয়ে অদ্যপি পৰিয়ালক অপহৃতৰ মুক্তিৰ বিনিময়ত ধনদাবীও নকৰাত গোটেই ঘটনাটো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে অপহৃতৰ সন্ধানত অভিযান অব্যাহত আছে আৰু অচিৰেই ভাল ফলাফল পোৱা যাব বুলি আশা প্ৰকাশ কৰিছে।

ইপিনে যুৱ ব্যৱসায়ী ৰঞ্জিত দত্ত অপহৃত হোৱাৰ বাতৰি সদৰি হোৱাৰ পিছতেই ক্ষুব্ধ স্থানীয় ৰাইজৰ একাংশই কালি নিশাই জেডি পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও অপহৃতক সুস্থ শৰীৰে মুকলি কৰি দিবলৈ আহ্বান জনাইছে । অানহাতে বাঙালী জনমুক্তি বাহিনী নামৰ সংগঠনটোৱে আজি  সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অপহৃত ৰঞ্জিত দত্তক ২৪ ঘণ্টাৰ ভিতৰত প্ৰশাসনে মুকলি কৰি আনিব নোৱাৰিলে বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি সদৰী কৰিছে সংগঠনটোৰ সভাপতি ৰঞ্জন চন্দ্ৰ সৰকাৰে ।