61
ৰঙিয়াঃ নামনি অসমৰ অন্যতম ব্যস্ত ৰঙিয়া ৰেল ষ্টেচনত নিতৌ সংঘটিত হ’ব ধৰিছে ন’ ন’ ঘটনা৷ এহাৰ দম্পতীক লুটি নিয়াৰ এদিন পিছতেই সোমবাৰে বেগ লুটি নিয়াৰ অভিযোগত দুগৰাকী মহিলা ৰাইজৰ হাতত ধৰা পৰে৷ মঙলবাৰে পুনৰ শিশু অপহৰণ কৰাৰ সন্দেহত এগৰাকী লোকক আৱদ্ধ কৰে একাংশ যাত্ৰীয়ে৷
লোকজনক আৱদ্ধ কৰাৰ পিছতেই শিশু অপহৰণ কৰাৰ অভিযোগত লোকজনক একাংশ লোকে মাৰধৰ কৰে৷ ৰেল ষ্টেচনৰ গুডামত মুন্না চৰকাৰ নামৰ লোকজনক আৱদ্ধ কৰি মাৰধৰ কৰে একাংশ লোকে৷