ৰঙিয়াঃ নামনি অসমৰ অন্যতম ব্যস্ত ৰঙিয়া ৰেল ষ্টেচনত নিতৌ সংঘটিত হ’ব ধৰিছে ন’ ন’ ঘটনা৷ এহাৰ দম্পতীক লুটি নিয়াৰ এদিন পিছতেই সোমবাৰে বেগ লুটি নিয়াৰ অভিযোগত দুগৰাকী মহিলা ৰাইজৰ হাতত ধৰা পৰে৷ মঙলবাৰে পুনৰ শিশু অপহৰণ কৰাৰ সন্দেহত এগৰাকী লোকক আৱদ্ধ কৰে একাংশ যাত্ৰীয়ে৷

লোকজনক আৱদ্ধ কৰাৰ পিছতেই শিশু অপহৰণ কৰাৰ অভিযোগত লোকজনক একাংশ লোকে মাৰধৰ কৰে৷ ৰেল ষ্টেচনৰ গুডামত মুন্না চৰকাৰ নামৰ লোকজনক আৱদ্ধ কৰি মাৰধৰ কৰে একাংশ লোকে৷ 

জানিব পৰা মতে, মঙলবাৰে পুৱা ৯.৩০ বজাত ৰেল যাত্ৰীৰ ৬ বছৰীয়া শিশুক অপহৰণ কৰা বুলি অভিযোগ উত্থাপন কৰি ৰেল যাত্ৰীয়ে হৈ-হাল্লা কৰাত মুন্না চৰকাৰ নাম লোকজনে পলাবলৈ চেষ্টা কৰে যদিও ৰেল কৰ্মচাৰীয়ে খেদি খেদি আৱদ্ধ কৰি ৰেল ষ্টেচনৰ গুডামত সোমোৱাই লৈ ৰেল কৰ্মচাৰীৰ সন্মুখতে একাংশ লোকে মাৰধৰ কৰে৷

ৰঙিয়া ৰেল ষ্টেচনত যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যাত্ৰীক নিৰাপত্তা দিয়াত বিফল হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৰেল বিভাগৰ বিৰুদ্ধে। মঙলবাৰে পুৱাই বৰপেটা ৰোডৰ মুন্না চৰকাৰ নামৰ যুৱক এজনে কিছু সময়ৰ ভিতৰতে ৰেল যাত্ৰীৰ এজন ৬ বছৰীয়া শিশুক অপহৰণ কৰাৰ চেষ্টা কৰে৷

কিছু সময়ৰ পিছতেই একেগৰাকী লোকে ৰঙিয়া ডি আৰ এম কাৰ্যালয়ৰ সমীপৰ গুডামত কৰ্মৰত বিষয়াৰ টেবুলৰ পৰা গুৰুত্বপূৰ্ণ নথি পত্ৰ, নগদ টকা সহ বেগ লৈ উধাও হয়। কাৰ্যালয়টোৰ কৰ্মচাৰীসকলে খেদি খেদি গৈ লোকজনক আৱদ্ধ মাৰ-ধৰ কৰি জি আৰ পি এফক গতাই দিয়ে।