দেৰগাঁওঃ একাংশ মানুহে মানৱতা সচাকৈ হেৰাই পেলাইছে নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কেনেকৈ দলিয়াব পাৰে মানুহে৷ সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷ তাৰ মাজতে একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ কৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিয়ায় থৈ যায় পানী কেচুৱা৷
তেনে দেৱশিশু এটিৰ মৃতদেহ নিঠৰ হৈ পৰি ৰয় সামন্য জংঘলত৷ উৎসুক জনতাই জুমি জুমি চাইছে ৷ সভ্য সমাজৰ হৃদয় বিদাৰক দৃশ্য এয়া৷ সভ্য মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে দেৰগাঁৱৰ উপকন্ঠ অঞ্চল মিছামৰা বাগানত। মিছামৰা বাগানৰ কালিমন্দিৰৰ সমীপত অলপতে উদ্ধাৰ হ’ল এটি নৱজাতকৰ মৃতদেহ।