শুক্লাইঃ চিকিৎসকৰ অৱহেলাত এগৰাকী ৯ বছৰীয়া কন্যাৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁৱত৷ জানিব পৰা মতে, ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত আটাৰীখাট চাহ বাগিচাত চিকিৎসকৰ অৱহেলাত শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ আটাৰীখাটৰ ধৰমজুলীৰ আটাৰীখাট চাহ বাগিচাৰ শ্ৰমিক ছয়া মুণ্ডা আৰু লক্ষী মুণ্ডাৰ ৯ বছৰীয়া কন্যা আৰতি মুণ্ডাৰ পেট আৰু ভৰি ফুলাৰ লগতে ডায়েৰীয়াত আক্ৰান্ত হোৱাত ৯ নৱেম্বৰত বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰে।
চিকিৎসক দয়ানন্দ দেৱগোস্বামীয়ে সামান্য চিকিৎসা কৰি ঘৰলৈ পঠিয়াই দিয়ে। পিছত শিশুটি আৰোগ্য নোহোৱাত পুনৰ ১৭ নৱেম্বৰত পৰিয়ালে বাগিচাৰ চিকিৎসালয়ত ভৰ্তি কৰায়। দীৰ্ঘদিন চিকিৎসকে শিশুটিক চিকিৎসা আগবঢ়ায়। শিশুটোৰ স্বাস্থ্যৰ উন্নতি নোহোৱাত চিকিৎসকে শিশুটোক উন্নত চিকিৎসাৰ বাবে মঙলদৈ কিম্বা গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।