Home ৰাজ্যঅনাহাৰে মাতৃৰ বাবে চকুলো টুকি অৱশেষত বিদায় ললে কণমানিয়ে

অনাহাৰে মাতৃৰ বাবে চকুলো টুকি অৱশেষত বিদায় ললে কণমানিয়ে

by News Desk
92 views
A+A-
Reset

কাজিৰঙাঃ যোৱা এমাহে মাতৃৰ বাবে হাহাকাৰ কৰি চকুলো টুকি অনাহাৰে থকা হাতী পোৱালীটোৰ মৃত্যু হ’ল৷ হাতীৰ জাকৰ পৰা ফালৰি কাটি আহি মাতৃৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটোক সুস্থ কৰিবলৈ বন বিভাগে যঠেষ্ট কষ্ট কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ এমহীয়া হাতী পোৱালীটোৱে৷ শনিবাৰে হাতী পোৱালীটোৰ মৃত্যু হোৱাৰ পিছতেই বন বিভাগৰ লোকে আবেগিক হৈ পৰিছিল৷ প্ৰায় ৩২টা দিন অতি যতনেৰে চোৱা চিতা কৰা হাতী পোৱালীটোৰ মৃত্যুত মনত আঘাত পায়৷ জীয়াই থকাৰ বাবে যুদ্ধ কৰি অৱশেষত হাৰ মানিলে তেও৷

মাতৃক ওচৰত নাপায় শোকৰ সাগৰত ডুবি থকা এটা বনৰীয়া হাতী পোৱালীৰ আৰ্তনাদে কন্দুৱাইছিল বন বিভাগক৷ এমাহৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত মাতৃৰ পৰা বিছিন্ন হৈ পৰিছিল এই কনমানি বনৰীয়া হাতী পোৱালীটো৷ নিজ মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতেই অৰণ্যৰ মাজত হাহাকাৰ কৰি ফুৰা হাতী পোৱালীটো বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত বন বিভাগে আৰু কেইজনমান পৰ্টকে উদ্ধাৰ কৰিছিল৷ বিগত এমাহে মাতৃৰ দুগ্ধৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটো ক্ৰমাৎ দুৰ্বল হৈ আহিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0