newsnextone.com | লিডুঃ ৰাজ্যত পুনৰ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তিনিচুকীয়া জিলাৰ জাগুনৰ নামফাই সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হোৱা হাতী পোৱালীটোৰ দেওবাৰে পুৱাই মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মাৰ্ঘেৰিটা মহকুমাত৷ সংৰক্ষিত বনাঞ্চলখনৰ জনবসতি এলেকাত উদ্ধাৰ হোৱা হাতী পোৱালীটোক কোনো লোকে হত্যা কৰাৰ বাবে চেষ্টা চলাইছিল বুলি সন্দেহ কৰে ৰাইজে৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ ফলত হাতী আৰু মানুহে প্ৰাণ হেৰুৱাই আহিছে৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাই খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিও হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হয়৷ তেনে দৰেই তিনিচুকীয়া জিলাৰ জাগুনৰ নামফাই সংৰক্ষিত বনাঞ্চলৰ পৰা জাকে জাকে হাতী ওলাই আহে৷ হাতীৰ জাকে ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰে৷ তাৰ পিছতো বন বিভাগে সাধাৰণ গঞাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত কৰিবলৈ চেষ্টা নকৰাৰ অভিযোগ উত্থাপন হয়৷