ডিজিটেল ডেস্কঃ বিশ্বত প্ৰতিদিনে ইন্টাৰনেট আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ সমাজ জীৱনৰ প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে ইণ্টাৰনেটৰ সৈতে জড়িত হৈ পৰিছে মানুহ৷ বহু সময়ত আমি জ্ঞানৰ উৎস বিচাৰি নিৰ্ভৰশীল হৈ পৰিছোঁ ইণ্টাৰনেটৰ৷ এতিয়া পুৱাই বাতৰি কাকতখন পঢ়াৰ বিপৰীতে ইণ্টাৰনেট ব্যৱহাৰ কৰি মোবাইলটোত নতুবা কম্পিউটাৰত দেশ-বিদেশৰ খবৰ, তথ্য সংগ্ৰহ কৰাৰ লগতে চাকৰিৰ বিজ্ঞাপন, বিভিন্ন শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ বিষয়ে তথ্য লাভ কৰো৷
জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায়ক হোৱা ইণ্টাৰনেট ব্যৱস্থাৰ লগত ইতিবাচক দিশটো জড়িত থকাৰ বিপৰীতে নেতিবাচক দিশটোও জড়িত হৈ আছে৷ ইণ্টাৰনেটত উপলব্ধ নঞাৰ্থক দিশবোৰে বহু সময়ত বিপদত পেলাব পাৰে ব্যৱহাৰকাৰীক ৷ সেয়েহে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কথাটো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ মানসিকতাৰ ওপৰত৷ বৰ্তমান সময়ত দেখা গৈছে, বিশ্বত শিশু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে৷ এই শিশু সকলৰ বয়স ৮ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ৷