ডিজিটেল ডেস্কঃ বিশ্বত প্ৰতিদিনে ইন্টাৰনেট আৰু কম্পিউটাৰ ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি হৈ আহিছে৷ সমাজ জীৱনৰ প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে ইণ্টাৰনেটৰ সৈতে জড়িত হৈ পৰিছে মানুহ৷ বহু সময়ত আমি জ্ঞানৰ উৎস বিচাৰি নিৰ্ভৰশীল হৈ পৰিছোঁ ইণ্টাৰনেটৰ৷ এতিয়া পুৱাই বাতৰি কাকতখন পঢ়াৰ বিপৰীতে ইণ্টাৰনেট ব্যৱহাৰ কৰি মোবাইলটোত নতুবা কম্পিউটাৰত দেশ-বিদেশৰ খবৰ, তথ্য সংগ্ৰহ কৰাৰ লগতে চাকৰিৰ বিজ্ঞাপন, বিভিন্ন শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমৰ বিষয়ে তথ্য লাভ কৰো৷

জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ ক্ষেত্ৰত বহুখিনি সহায়ক হোৱা ইণ্টাৰনেট ব্যৱস্থাৰ লগত ইতিবাচক দিশটো জড়িত  থকাৰ বিপৰীতে নেতিবাচক দিশটোও জড়িত হৈ আছে৷ ইণ্টাৰনেটত উপলব্ধ নঞাৰ্থক দিশবোৰে বহু সময়ত বিপদত পেলাব পাৰে ব্যৱহাৰকাৰীক ৷ সেয়েহে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কথাটো নিৰ্ভৰ কৰে ব্যৱহাৰকাৰীৰ মানসিকতাৰ ওপৰত৷ বৰ্তমান সময়ত দেখা গৈছে, বিশ্বত শিশু ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দিনে দিনে বাঢ়ি আহিছে৷ এই শিশু সকলৰ বয়স ৮ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ৷

অপৈণত বয়সত ইণ্টাৰনেট ব্যৱহাৰ কৰা শিশুৰ সংখ্যা বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে৷ কিন্তু কোনোৱে অৱগত নোহোৱাকৈয়ে শিশু ইণ্টাৰনেট ব্যৱহাৰকাৰীসকল বলি হৈ আহিছে চাইবাৰ ক্ৰাইমৰ৷ ইণ্টাৰনেটত উপলব্ধ ভিডিঅ’ গেম, ব্লু-ফ্লিমৰ কবলত পৰি দেশত বহু শিশুৱে মানসিক ভাৰসাম্য হেৰুৱাই মৃত্যুক আঁকোৱালি লোৱা ঘটনা সংঘটিত হৈ আহিছে৷

বিশ্ব আৰ্থিক মঞ্চ আৰু ডিকিউ প্ৰতিষ্ঠানে চলোৱা এক অনুসন্ধানৰ পৰা জানিব পৰা গৈছে যে, ৮ বছৰৰ পৰা ১২ বছৰৰ ভিতৰৰ ইণ্টাৰনেট ব্যৱহাৰ কৰা শিশুৰ সংখ্যা ৫০ শতাংশতকৈও অধিক৷ কম বয়সৰ শিশুসকলে ইণ্টাৰনেটত ভিডিঅ’ গেম খেলাৰ প্ৰতি অতি আগ্ৰহী হোৱাৰ লগতে অসৎ উপায় তথা যৌন সম্পৰ্কীয় তথ্য নেটৰ জৰিয়তে বেছিকৈ লাভ কৰিব বিচাৰে৷

গুৰুত্বপূৰ্ণ কথা যে, উন্নয়নশীল অৰ্থব্যৱস্থাৰ সময়ত এনে সমস্যা দ্ৰুতগতিত যিমানেই বৃদ্ধি পায় আহিছে, সিমানেই বৃদ্ধি হৈ আহিছে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যাও৷ কিন্তু এই সমস্যা দূৰীকৰণৰ বাবে অভিভাৱক, উদ্যোগ জগত আৰু চৰকাৰে কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো অতি চিন্তনীয় হৈ পৰিছে৷ ডিকিউ ইমপেক্ট ৰিপোৰ্ট-২০১৮ অনুসৰি ডিজিটেল ভয়াৱহতাৰ স্বীকাৰ হোৱা শিশুসকলক উদ্ধাৰ কৰিবৰ বাবে চৰকাৰ, উদ্যোগ জগত তথা সাধাৰণ সমাজক জাগ্ৰত কৰাৰ ক্ষেত্ৰত অভিভাৱকৰ সহায়-সহযোগ  অতি প্ৰয়োজনীয় বুলি জানিব পৰা গৈছে৷