গুৱাহাটীঃ যোৱা ৪ ফেব্ৰুৱাৰীত অসমৰ এটি পৰিয়ালে এমাহ ১০দিনীয়া এটি কেচুৱা মাথো ১৫০০ টকাত বিক্ৰী কৰাৰ ঘটনা পোহৰলৈ আহিছিল৷ এই ঘটনা দেশৰ আন ঠাইত সংঘটিত হলে হয়তো আজি লোকসভা-ৰাজ্যসভাৰ মজিয়া উত্তাল হৈ পৰিলে হেতেন৷ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মিডিয়াই ভাল এটি কভাৰেজ দিলে হেতেন৷ কিন্তু তেনে একো ন’হল৷ এটি কেচুৱাৰ বিক্ৰীৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতো অসমৰ বিৰোধী দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা নগ’ল৷

এক কথাত কবলৈ গলে অসমৰ বিৰোধী গভীৰ নিদ্ৰাত৷ অসমৰ সাংসদ সকলেও দিল্লীত লোকসভা-ৰাজ্যসভাৰ অধিৱেশন চলি আছে যদিও এটাও শব্দ উচ্ছাৰণ নকৰিলে৷ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদসকলে কেৱল খাই বহি হে যেন নোদোকা হৈছে দিল্লীত৷ বহুবল্কী সাংসদ গৌৰৱ গগৈকে ধৰি কেইবাগৰাকী সাংসদে অসমৰ খবৰ যে নলয় সেয়া স্পষ্ট হৈ পৰিছে৷ ক্ষমতা সৰ্বোচ্ছ ৰাজনীতিয়ে এতিয়া বিধায়ক-সাংসদসকলক ক্ৰমান্বয়ে গৰিব-দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিক আদিৰ পৰা আতৰাই নিছে৷

গৰিব-দৰিদ্ৰ, খাটিখোৱা, শ্ৰমিকৰ খবৰ লবলৈ আহৰি নাথাকে সাংসদ-বিধায়কৰ৷ তাৰ মাজতে newsnextone.comৰ সাংবাদিক পূস্পেন্দ্ৰ উপস্থিত হৈছিল দুৰ্ভগীয়া গৰিব পৰিয়ালটোৰ ঘৰত৷ তেও উপস্থিত হৈ প্ৰত্যক্ষ কৰিছিল পৰিয়ালটোৰ এটা মাথো গোহালী সদৃশ ঘৰ৷ আকাশ দেখা পোৱা ঘৰটোত বাস কৰে চাৰিগৰাকীকৈ লোক৷ তেওলোকৰ নাই ৰেচন কাৰ্ড, নাই বিপিএল কাৰ্ড৷ ইমানে নহয় চৰকাৰী গৃহ লাভ কৰিবলৈ নাই আইডি নম্বৰ৷

পৰিয়ালটোৰ মুৰব্বীগৰাকীয়ে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দিয়ে যদিও মুৰব্বীগৰাকী আৰু পত্নীৰ ৰোগে জ্বলা-কলা খুৱাইছে পৰিয়ালটোক৷ ইমানে নহয় সাংবাদিকে তেওলোকৰ চৌহদ পৰ্যবেক্ষণ কৰি দেখিছিল ভয়ানক প্ৰতিচ্ছবি৷ তেওলোকে আজিও মুকলিতে শৌচ-প্ৰস্ৰাৱ কৰে৷

শৌচালয় নাই পৰিয়ালটোৰ৷ এটা গাতত পৰিয়ালটোৱে শৌচ কৰে। জানিব পৰা মতে. পৰিয়ালটোৱে প্ৰায় এসাজ খায় এসাজ লঘোনে থাকি পাৰ কৰে। ভাত ৰান্ধিবলৈ নাই ৰান্ধনি ঘৰ৷ থকা ঘৰটোতে ৰন্ধা বঢ়া কৰে৷ দুখে কুলাই পাচিয়ে নধৰা পৰিয়ালটোৱে আজিলৈ পোৱা নাই এটি আৱাসগৃহৰ লগতে কোনো চৰকাৰী সুবিধা৷

বিশ্বৰ ষষ্ঠ ধনী দেশ ভাৰত৷ বিভিন্ন দিশত আগবাঢ়িছে ভাৰত৷ বিশ্বত এতিয়া সকলোৱে জানে ভাৰতক ধনী দেশ বুলি৷ দেশ উন্নতিৰ পথত বুলি কলে বঢ়াই কোৱা নহব৷ শাসকীয় বিজেপি দলে সভাই সমিতিয়ে দেশৰ উন্নয়ন হোৱা বুলি কৈ আহিছে৷ সভাই সমিতিয়ে দিয়া ভাষণ বোৰ শুনিলে এনে লাগে যেন দেশত এতিয়া দৰিদ্ৰ লোকৰ সংখ্যা নাইকিয়া হৈছে৷

কিন্তু প্ৰকৃত ছবি খন তেনেকুৱা নহয় যেন লাগে৷ কিয়নো আজিও দৰিদ্ৰ পৰিয়ালে এসাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ সন্তানক স্কুলৰ পৰিবৰ্তে আনৰ ঘৰত নতুবা হোটেল, উদ্যোগত কাম কৰিবলৈ নিয়োগ কৰে৷ তাৰ মাজতে উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ ৰাজ্য অসমত এটি দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰাৰ দৰে মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ চাঞ্চল্য আজিও অব্যাহত আছে৷ আৰ্থিক দৈন্যতাৰ বাবে দৰিদ্ৰ পৰিয়ালে ১৫০০ টকাত সন্তান বিক্ৰী কৰে৷

জন্মৰ ১ মাহ ১০ দিন পিছতেই সন্তানক বিক্ৰী কৰে এটি দৰিদ্ৰ পৰিয়ালে৷ এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বৰপথাৰ মাইচাঙ মাজগাঁৱত। আৰ্থিক দৈন্যতাৰ বাবেই ১৫০০ টকাত নিজ কন্যা সন্তানক বিক্ৰী কৰে পৰিয়ালটোৱে৷ জানিব পৰা মতে, তিনি কন্যা সন্তানৰ পিতৃ-মাতৃয়ে দীর্ঘ দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল৷ কাম বন কৰিব নোৱাৰা পৰিয়ালটোৱে এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷

অৱশেষত ৰোগৰ চিকিৎসা কৰিব নোৱাৰাৰ বাবেই ১৫০০ টকাৰ বিনিময়ত নিজৰ কন্যা সন্তানক বিক্ৰী কৰিব লগা হয়৷ নগাঁও জিলাৰে কামপুৰৰ বুঢাগাঁৱৰ এহাল নিঃসন্তান দম্পতিৰ ওচৰত বিক্ৰী কৰে সন্তানক। এই খবৰ লাহে লাহে পোহৰলৈ অহাত কোনো লোকে চাইল্ড লাইনক খবৰ দিয়ে৷ পিছত আৰক্ষীৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰে দেৱশিশুটোক। নিঃসন্তানৰ দম্পতি হালৰ বাসগৃহত কামপুৰ আৰক্ষী উপস্থিতিত চাইল্ড লাইনৰ লোক দেৱশিশুটোক উদ্ধাৰ কৰিছিল।