নামতিঃ ২৪ ঘন্টাৰ ভিতৰত ৰাজ্যত উদ্ধাৰ হ’ল চাৰিটাগৰাকী কিশোৰ-কিশোৰী৷ শিৱসাগৰ জিলাৰ নামতি আলি ৰেল ষ্টেচনত শনিবাৰে নিশা দুজন কিশোৰ উদ্ধাৰ হোৱাৰ লগতে ৰবিবাৰে ৰঙিয়া ৰেল ষ্টেছনত দুগৰাকী কিশোৰী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘন শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈ থকা সময়তে শিৱসাগৰ জিলাৰ নামতি আলি ৰেল ষ্টেচনত দুটা অচিনাক্ত শিশু উদ্ধাৰ হয়। জানিব পৰা মতে, শিৱসাগৰৰ “নৱ উদিত” নামৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে শনিবাৰে নিশা নামতি আলি ৰেল ষ্টেচনৰ পৰা শিশু দুটা উদ্ধাৰ কৰি নামতি আৰক্ষীক গতাই দিয়ে।